Song: O Ma Moi Rati Hopunot (অ’ মা মই ৰাতি সপোনত)
Singer: Jyoti Prasad Agarwala
O Ma Moi Rati Hopunot Lyrics |
O Ma Moi Rati Hopunot Lyrics:---
অ’ মা মই ৰাতি সপোনত
কি দেখিলোঁ জান’
তই যে মা কেতিয়াবা
মোক দিবলৈ আন’
সৰু সৰু কাঠৰ ঘোঁৰা
নেজডাল যে মোটোক মৰা
তেনেকুৱাই
পিছে হলে ঠেঙত পাখি লগা
দেখিবলৈ
ভকভকীয়া বগা ৷
তাৰ পিছত উঠি
আকশলৈ গলোঁ
অকলশৰে কান্দি থকা
তৰা এটা পালোঁ ৷
মোক দেখি সি হাঁহি দিলে মা
হাঁহিলে সি ইমান পোহৰ ওলায়...
আমি দেখা বেলিটোৰো তিমান পোহৰ নোলায় ৷
মা, তই মাতোতে
সপোন গৈ খাটৰ তলত সোমাল
পাখি লগা ঘোঁৰাজনীও ক’ৰবালৈ পলাল ৷
জ্বলা তৰাটো আক্কাশতে নুমাল ৷