Namami Brahmaputra ( নমামী ব্ৰহ্মপুত্ৰ ) - Assamease Lyrics

প্রণামো ব্ৰহ্মপুত্ৰ
গীতৰ কথা: মন্মথ বৈশ্য




The Lyrics Namami Brahmaputra:::

প্রণামো ব্ৰহ্মপুত্ৰ নমামী ব্ৰহ্মপুত্ৰ....
ক্ষণে শান্ত , তুমি ক্ষণে ৰুদ্ৰ....

পলে পলে নৱ নৱ চিত্ৰ,
ও চিৰ প্ৰবাহিত,
বৈ যোৱা বৈ যোৱা,
ব্রহ্মাৰে পুত্ৰ - তুমি সৃষ্টিৰে উৎস !

ও প্রণামো ব্ৰহ্মপুত্ৰ....
নমামী ব্ৰহ্মপুত্ৰ............

তুমি লহৰে লহৰে,
সাৱটিলা পিতৃৰ দৰে.....

তোমাৰ সুজল ধাৰাই,
শস্যক শ্যামল কৰে .....

চিৰকাল তোমাৰ পাৰতে,
জীৱন বৈভৱ অনন্ত.....

বৈ যোৱা এনেদৰে বৈ যোৱা,
এহে-ধৰণী সজল কৰি বৈ যোৱা......

দেশৰ কান্ধত উজলি থকা,
যেন এখনি নীলা বস্ত্ৰ........

প্রণামো ব্ৰহ্মপুত্ৰ......
নমামী ব্ৰহ্মপুত্ৰ............

তোমাৰ লহৰে লহৰে,
জীৱনৰ জেউতি জ্বলে....
তোমাৰ নীলিম নয়নতে,
তেচেনেহৰে ফুল ফুলে........

নদীটো নহয় তুমি মহানদ,
ক্ৰোধিত নহবা তুমি হৈ দুৰ্মদ......

তোমাৰ অবিৰত গতি প্ৰবাহিত,
হয়তো সহিছা যাতনা শত শত..........

তথাপিও গাইছা প্ৰহৰীৰ দৰে,
সঞ্জীৱনী মন্ত্ৰ.....

প্রণামো ব্ৰহ্মপুত্ৰ.....
নমামী ব্ৰহ্মপুত্ৰ.....

ক্ষণে শান্ত , তুমি ক্ষণে ৰুদ্ৰ...
পলে পলে নৱ নৱ চিত্ৰ...

ও চিৰ প্ৰবাহিত...
বৈ যোৱা বৈ যোৱা...
ব্ৰহ্মাৰেপুত্ৰ তুমি সৃষ্টিৰে উৎস....

প্রণামো ব্ৰহ্মপুত্ৰ....

নমামী ব্ৰহ্মপুত্ৰ...

প্রণামো ব্ৰহ্মপুত্ৰ...

নমামী ব্ৰহ্মপুত্ৰ...

ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ....

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Previous Post Next Post

Contact Form