Maa aami sadiyaloi ( মা আমি শদিয়ালৈ যামেই ) Lyrics | Khagen Mahanta

Maa aami sadiyaloi ( মা আমি শদিয়ালৈ যামেই )
Singer:- Khagen Mahanta
Lyrics:- Khagen Mahanta
Composer:- khagen Mahanta



The Lyrics:::

মা আমি শদিয়ালৈ যামেই,
মা আমি সতফুল খামেই,
বান্ধিম মা বান্ধিম
কেঁচা পাতত লোণ ।

মা আমি শদিয়ালৈ, যামেই,
মা আমি সতফুল খামেই,
মা আমি শদিয়ালৈ, যামেই,
মা আমি সতফুল খামেই |

শদিয়া নো কি ৰিং এটাৰ বাট,
সতফুলবোৰ ফুলি থাকে তাত,
শদিয়া নো কি ৰিং এটাৰ বাট,
সতফুলবোৰ ফুলি থাকে তাত,
যিহে হালে জালে নাচৰ তালে তালে,
কেঁচা কোমল পাত,
কেঁচা কোমল পাত
খান্দিম আমি খান্দিম মা
নৈৰ বালিত সোণ ।

মা আমি শদিয়ালৈ, যামেই,
মা আমি সতফুল খামেই,
মা আমি শদিয়ালৈ, যামেই,
মা আমি সতফুল খামেই |

শদিয়ানো কি আৰু উজাই যাম,
গৈ গৈ গৈ চামপো নৈ পাম,
শদিয়ানো কি আৰু উজাই যাম,
গৈ গৈ গৈ চামপো নৈ পাম,
মানস সৰোবৰত ৰাতিপুৱাৰ পৰত,
এবাৰ গা ধুই চাম,
এবাৰ গা ধুই চাম,
হিমালয় বগাই তেতিয়া মা,
থপিয়াই ধৰিম জোন,
মা চাই থাকাচোন,
হিমালয় বগাই তেতিয়া মা,
থপিয়াই ধৰিম জোন,
মা চাই থাকাচোন |

মা আমি শদিয়ালৈ, যামেই,
মা আমি সতফুল খামেই,
বান্ধিম মা বান্ধিম
কেঁচা পাতত লোণ,
মা আমি শদিয়ালৈ, যামেই,
মা আমি সতফুল খামেই,
বান্ধিম মা বান্ধিম
কেঁচা পাতত লোণ ।

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Previous Post Next Post

Contact Form