Akuli Bikuli (আকুলি বিকুলি) Lyrics from the Assamese film Priyar Priyo sung by Zubeen Garg & Nahid Afrin

Movie : Priyar Priyo
Singer : Zubeen Garg
Song : আকুলি বিকুলি



The Lyrics::

আকুলি বিকুলি হিয়া মোৰে বাউলি
শেৱালী আবেলি বুকুতে আছে ফুলি...

দুভৰিৰ উলাহে একো নামানে আজি
উথলি উথলি জোনাকো নাচে আজি...

এতিয়া বুকুত তুমি জোন হৈ
জোন হৈ.

এতিয়া হৃদয় জ্বলি সোণ হয়
সোণ হয়...

এতিয়া বুকুৰ পথাৰ সেউজ হৈ
সেউজ হৈ...

এতিয়া মনত তুমি ফুল হৈ
ফুল হৈ...

আকুলি বিকুলি হিয়া মোৰে বাউলি....

কোৱাচোন কোৱা এবাৰ কোৱা
তুমি কোন নীলা পখিলা...

বুকুৰ কোণত অমিয়া পৰত
বুলাই কি ৰং আঁকিলা...

অচিনা সুৰভি উৰি আহে
অচিনা সুৱদি সুৰ ভাঁহে
পলাশৰ এথোপা ৰং হৈ আহিলা...

এতিয়া উশাহ তোমাৰ শেষ হয়
শেষ হয়...

এতিয়া নিমাত নিশা গান হয়
গান হয়...

এতিয়া বুকুত তৃষাৰ নৈ বয়
নৈ বয়...

এতিয়া বুকুৰ অনল হিম হয়
হিম হয়...

আকুলি বিকুলি হিয়া মোৰে বাউলি........

অবুজ অবুজ মৰম মৰম
নেজানো কিয় যাঁচিলা
শুকুলা মেঘৰ মৰম ভাঁজত
কিযে কথা লিখিলা...
চেনেহৰ এই বিষ কিয় বাকিলা
শোণিতত এই মন কিয় আনিলা
উশাহত তোমাৰ নাম কিয় লিখিলা...

এতিয়া ৰৈ থকাৰ নাই সময়
নাই সময়...

এতিয়া হৃদয় কোৱাল যায় প্ৰণয়
যায় প্ৰণয়...

এতিয়া আতুৰ অধীৰ মোৰ প্ৰলয়
মোৰ প্ৰলয়...

এতিয়া মোৰ আবেগ যেন নৰয়
যেন নৰয়...

আকুলি বিকুলি হিয়া মোৰে বাউলি
শেৱালী আবেলি বুকুতে আছে ফুলি...

দুভৰিৰ উলাহে একো নামানে আজি
উথলি উথলি জোনাকো নাচে আজি...

এতিয়া বুকুত তুমি জোন হৈ
জোন হৈ...

এতিয়া হৃদয় জ্বলি সোণ হয়
সোণ হয়...

এতিয়া বুকুৰ পথাৰ সেউজ হৈ
সেউজ হৈ...

এতিয়া মনত তুমি ফুল হৈ
ফুল হৈ...

এতিয়া হৃদয় জ্বলি সোণ হয়
সোণ হয়...

এতিয়া বুকুৰ পথাৰ সেউজ হৈ
সেউজ হৈ...

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Previous Post Next Post

Contact Form